- এইবোৰ হৈছে নামাজৰ আৰকান। ভুলতে হওক বা নাজানি কোনো পধ্যেই এইবোৰ এৰিব নালাগে। কাৰণ তেখেতে সেই ব্যক্তিজনক পুনৰ নামাজ পঢ়িবলৈ কৈছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল শিকি লোৱাকে যথেষ্ট বুলি গণ্য কৰা নাছিল, বৰং পুনৰ পঢ়িবলৈ কৈছিল।
- নামাজৰ প্ৰতিটো ৰুকনতে ধীৰস্থিৰতা অনিবাৰ্য্য।
- ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা বুজা যায় যে, নামাজৰ ওৱাজিবাতত ত্ৰুটি হ'লে নামাজ শুদ্ধ নহয়।
- ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও বুজা যায় যে, শিক্ষাৰ্থী আৰু অজ্ঞ লোকৰ সৈতে নম্ৰ ব্যৱহাৰ কৰিব লাগে আৰু তাক স্পষ্টৰূপে বিষয়টো বুজাই দিব লাগে। মুখ্য উদ্দেশ্যৰ সাৰমৰ্ম বুজাই দিব লাগে। তাৰ পৰিস্থিতি অনুসৰি কেৱল গুৰুত্বপূৰ্ণ বিষয়বোৰ জনাব লাগে। আঁতি-গুৰি মাৰি কোৱাৰ প্ৰয়োজন নাই, যিবোৰ সি মনত ৰাখিবও নোৱাৰিব আৰু পালন কৰিবও নোৱাৰিব।
- ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত এই কথাও স্পষ্ট হয় যে, যদি মুফতীক এনেকুৱা কোনো বিষয়ে প্ৰশ্ন কৰা হয়, যিটোতকৈ অধিক গুৰুত্বপূৰ্ণ বেলেগ আৰু এটা বিষয় পৰিলক্ষিত হয়, যিটোৰ বিষয়ে প্ৰশ্ন কৰা হোৱা নাই, তেন্তে মুফতীয়ে সেই বিষয়টোও উল্লেখ কৰা উচিত। এইটো হৈছে সৎপৰামৰ্শৰ অন্তৰ্ভুক্ত, কোনো অপ্ৰয়োজনীয় কথা নহয়।
- দোষ স্বীকাৰ কৰাৰ গুৰুত্ব। সেই ব্যক্তিজনে কৈছিলঃ "মই ইয়াতকৈ অধিক উত্তমৰূপে পঢ়িব নোৱাৰোঁ, গতিকে আপুনি মোক শিকাই দিয়ক।"
- ইবনু হাজাৰে কৈছেঃ ইয়াত সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা হৈছে, লগতে শিক্ষাৰ্থীয়ে শিক্ষকক শিকাই দিবলৈ অনুৰোধ কৰাৰ কথা উল্লেখ হৈছে।
- সাক্ষাৎ হ'লে ছালাম কৰিব লাগে। ছালামৰ উত্তৰ প্ৰদান কৰা অনিবাৰ্য্য। আনকি বাৰে বাৰে লগ পালেও বাৰে বাৰে ছালাম কৰিব লাগে, যদিও ক্ষন্তেক সময়ৰ ভিতৰতে হওক। লগতে প্ৰত্যেক বাৰেই ছালামৰ উত্তৰ দিয়া ওৱাজিব।