মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
нохчийн мотт - شيشاني
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
한국어 - كوري
македонски - مقدوني
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
עברית - عبري
中文 - صيني
Bahasa Indonesia - إندونيسي
dansk - دنماركي
پښتو - بشتو
أنكو - أنكو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
eesti - إستوني
suomi - فنلندي
Адыгэбзэ - شركسي
Norwegian - نرويجي
ქართული - جورجي
tamashaq - طارقي
ދިވެހި - ديفهي
slovenčina - سلوفاكي
Türkmençe - تركماني
башҡорт теле - بلوشي
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
Bassa - الباسا
Lingala - لينغالا
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Mandinka - مندنكا
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Jóola - جوالا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
ພາສາລາວ - لاو
মূল পৃষ্ঠা
আমি কোন
Contact Us
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জি...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নামাজৰ আজান শুনিব, তেওঁ মুআজ্জিনৰ পিছে পিছে সেইখিনি কথাকে ক'ব লাগে যিখিনি কথা মুআজ্জিনে কয়, ক...
ছাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গ...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআ পাঠ কৰিবঃ "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহ...
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُ...
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মুআজ্জিনে আজান দি শেষ কৰাৰ পিছত যিয়ে এই দুআটো পাঠ কৰিব, যাৰ অৰ্থ হৈছেঃ হে আল্লাহ! এই পূৰ্ণাংগ (...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।...
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আজান আৰু ইক্বামতৰ মাজত কৰা দুআৰ ফজীলত উল্লেখ কৰিছে। কাৰণ এই সময়ত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয় আৰু সোনকালে ই...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল!...
হাদীছটোত উল্লেখ হৈছে যে, এজন দৃষ্টিহীন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক সহায় কৰিব পৰা কোনো নাই, যিয়ে...
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা।...
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
Hadeeth details
যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْل...
ছাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।"
Hadeeth details
আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাত...
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।"
Hadeeth details
আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"
Hadeeth details
‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
Hadeeth details
কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?" তেওঁলোকে ক'লে, তাৰ দেহত নিশ্চিতৰূপে কোনো ময়লা নাথাকিব। তেতিয়া তেখেতে ক'লেঃ "এইটোৱে হৈছে পাঁচ ওৱাক্ত নামাজৰ উদাহৰণ। ইয়াৰ মাধ্যমত আল্লাহে বান্দাৰ গুনাহসমূহ মচি দিয়ে।"
Hadeeth details
আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।...
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
Hadeeth details
যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।...
উছমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।"
Hadeeth details
পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।
Hadeeth details
নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেখেতৰ সাধাৰণ অচিয়ত আছিল এই যে, "নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" অৱশেষত তেখেতৰ শ্বাসকষ্ট আৰম্ভ হৈছিল, আৰু বাৰে বাৰে এই কথা কৈ আছিল, এটা সময়ত তেখেতৰ জিভা গোট খাই যোৱাৰ উপক্ৰম হৈছিল।"
Hadeeth details
তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।...
আমৰ বিন শ্বুআইবে তেওঁৰ পিতৃ (শ্বুআইব)ৰ পৰা আৰু তেওঁ শ্বুআইবৰ দাদা (আব্দুল্লাহ বিন আমৰ)ৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
Hadeeth details
মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে। বান্দাই যেতিয়া কয়ঃ (الْحَمْدُ لِلهِ رَبِّ الْعَالَمِينَ) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرَّحْمَنِ الرَّحِيمِ) তেতিয়া মহান আল্লাহে কয়ঃ বান্দাই মোৰ গুণগান কৰি আছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مَالِكِ يَوْمِ الدِّينِ) তেতিয়া তেওঁ কয়ঃ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে। আৰু এবাৰ কয়ঃ বান্দাই মোৰ ওচৰত নিজকে সমৰ্পন কৰিছে। আৰু যেতিয়া বান্দাই কয়ঃ (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) তেতিয়া তেওঁ কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজতে সীমাবদ্ধ, বান্দাই যি বিচাৰে সেইটোৱে মই দিছোঁ। এইদৰে বান্দাই যেতিয়া কয়ঃ (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ، صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ) তেতিয়া তেওঁ কয়ঃ এইটো কেৱল মোৰ বান্দাৰ বাবে, মোৰ বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে।"
Hadeeth details
‹
1
2
...
9
10
11
12
13
14
15
...
30
31
›
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share