- আজানৰ উত্তৰ দিবলৈ উৎসাহিত কৰা হৈছে।
- আজানৰ উত্তৰ দিয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ ফজিলত।
- তেখেতৰ প্ৰতি দৰূদ পাঠ কৰাৰ পিছত তেখেতৰ বাবে অছীলাহ বিচাৰি দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
- অছীলাৰ অৰ্থ বৰ্ণনা কৰা হৈছে যে, এইখন হৈছে সুউচ্চ স্থান, যিখন কেৱলমাত্ৰ এজন বান্দাৰ বাবেই নিৰ্দিষ্ট।
- ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰো ফজিলত বৰ্ণিত হৈছে, কাৰণ এই সুউচ্চ স্থান তেখেতৰ বাবেই নিৰ্দিষ্ট ৰখা হৈছে।
- যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰি প্ৰাৰ্থনা কৰে, তাৰ ওপৰত তেখেতৰ শ্বাফাআত ওৱাজিব হৈ যায়।
- এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এক প্ৰকাৰ বিনয় যে, তেখেতে তেখেতৰ উম্মতিসকলক তেখেতৰ বাবে সেই সুউচ্চ স্থান বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিছে। যদিও সেইখন তেখেতৰ বাবেই নিৰ্দিষ্ট কৰি ৰখা হৈছে।
- আল্লাহৰ ফজল আৰু ৰহমত অপৰিসীম। সেয়ে প্ৰত্যেক নেকীৰ বিনিময় দহগুণ বৃদ্ধিকৈ প্ৰদান কৰে।