- মুআজ্জিনৰ আজান শেষ হোৱাৰ পিছত এই দুআ পাঠ কৰিব লাগে। যিয়ে আজান শুনা নাই, তেওঁ ক'ব নালাগে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফজীলত যে, তেখেতক অছীলাহ আৰু ফজীলাহ, লগতে মাক্বামে মাহমূদ দান কৰা হ'ব। লগতে সৃষ্টিসকলৰ মাজত যেতিয়া ফয়চালা কৰা হ'ব তেতিয়া তেখেতক মহা শ্বাফাআত কৰাৰ অনুমতি প্ৰদান কৰা হ'ব।
- ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ শ্বাফাআতৰ প্ৰমাণ। কাৰণ তেখেতে হাদীছটোত কৈছেঃ "কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত অনিবাৰ্য্য হৈ পৰিব।"
- উম্মতৰ কাবীৰাহ গুনাহ কৰা ব্যক্তিসকলৰ হৈ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই শ্বাফাআত কৰিব যাতে সিহঁতক জাহান্নামত প্ৰৱেশ কৰা নহয়, অথবা যিয়ে প্ৰৱেশ কৰিছে তাক উলিয়াই অনাৰ কাৰণে, নাইবা হিচাপ নোহোৱাকৈ জান্নাতত প্ৰৱেশ কৰাবলৈ বা যিয়ে জান্নাতত প্ৰৱেশ কৰিছে, তাৰ মৰ্যাদা উন্নীত কৰিবলৈ।
- ত্বীবিয়ে কৈছে: আজানৰ শব্দ আৰম্ভণিৰ পৰা "মুহাম্মদাৰ ৰাছূলুল্লাহ" পৰ্যন্ত কথাখিনি হৈছে পূৰ্ণাংগ দাৱাত, আৰু "হাইয়া আলাচ্ছালাহ" হৈছে সেই প্ৰতিষ্ঠিত চালাত যাক "ইউক্বীমুনাচ্ছালাহ" (তেওঁলোকে নামাজ প্ৰতিষ্ঠা কৰে) বুলি উল্লেখ কৰা হৈছে। ইয়াত এইটোও সম্ভৱ যে, ইয়াত চালাতৰ অৰ্থ দুআও হ'ব পাৰে, আৰু "কায়িম"ৰ অৰ্থ হৈছে, এনেকুৱা কাম, যিটো সদায় নিয়মিতভাৱে কৰা হয়। এই দৃষ্টিকোণৰ পৰা "অচ্ছলাহ আল-ক্বায়িমাহ, অৰ্থাৎ প্ৰতিষ্ঠিত চালাতৰ" অৰ্থ হৈছে পূৰ্ণাংগ দাৱাতৰ স্পষ্ট বিৱৰণ। কিন্তু এইটোও সম্ভৱ যে, ইয়াত নামাজৰ দ্বাৰা, সেই পৰিচিত নামাজকে বুজোৱা হৈছে, যিটোৰ ফালে আহ্বান কৰি আজান দিয়া হৈছে। এইটোৱে বেছি স্পষ্ট।
- মুহাল্লাবে কৈছেঃ হাদীছটোত নামাজৰ সময়ত দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এই সময়ছোৱাত দুআ কবূল হোৱাৰ আশা বেছি থাকে।