- বান্দাৰ সেই নামাজ গুনাহৰ কাফফাৰাহ, যিটো নামাজ উত্তমভাৱে অজু কৰি আদায় কৰা হয়, লগতে ভয় আৰু আশাৰ সৈতে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্য পালন কৰা হয়।
- ইবাদতৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখাৰ গুৰুত্ব। এইটো হৈছে সৰু গুনাহ মাৰ্জনাৰ অন্যতম উপায়।
- সুন্দৰভাৱে অজু কৰা আৰু খুশ্বু-খুজুৰ সৈতে উত্তমভাৱে নামাজ আদায় কৰাৰ ফজিলত।
- সৰু গুনাহৰ পৰা মাৰ্জনা লাভৰ উদ্দেশ্যে ডাঙৰ গুনাহৰ পৰা বিৰত থকাৰ গুৰুত্ব।
- কাবীৰাহ গুনাহ তাওবাহ অবিহনে মাফ নহয়।