- ছুৰা ফাতিহা পাঠ কৰিবলৈ সক্ষম হোৱা সত্ত্বেও যিয়ে নামাজত ইয়াক পাঠ নকৰিব তাৰ নামাজ নহ'ব।
- যি ৰাকাতত ছুৰা ফাতিহা পাঠ কৰা নাই, সেইটো বাতিল হ'ব। জানি বুজি হওক বা ভুলতে হওক। কাৰণ এইটো হৈছে ৰুকন। ৰুকন কেতিয়াও এৰা ধৰা নহয়।
- মুক্তাদিয়ে যদি ইমামক ৰুকূ অৱস্থাত পায় তেন্তে ছুৰা ফাতিহা নপঢ়িলেও কোনো অসুবিধা নাই।