- চালাতত ৰাফউল য়াদাইনৰ অন্যতম এটা হিকমত হৈছে, এইটো হৈছে চালাতৰ সৌন্দৰ্য্য আৰু মহান আল্লাহৰ মৰ্যাদাৰ নিদৰ্শন।
- চতুৰ্থ আন এটা স্থানত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুহাত উত্তোলন কৰা প্ৰমাণিত আছে। যেনে- আবু হুমাইদ আচ-ছায়িদীৰ সূত্ৰত আবু দাঊদে আৰু অন্যান্য মুহাদ্দিছসকলে বৰ্ণনা কৰিছে। সেই স্থানটো হৈছে, চাৰি ৰাকাত বা তিনি ৰাকাত বিশিষ্ট চালাতৰ প্ৰথম তাশ্বাহহুদৰ পৰা উঠি থিয় হোৱাৰ সময়ত।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটোও প্ৰমাণিত যে, তেখেতে কাণ স্পৰ্শ নকৰাকৈ কাণৰ লতিলৈকে হাত উত্তোলন কৰিছিল। যেনে- বুখাৰী আৰু মুছলিমত মালিক ইবনুল হুৱাইৰিছৰ পৰা বৰ্ণিত আছে যে, "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া তাকবীৰ দিছিল, তেতিয়া তেখেতে নিজৰ দুয়ো হাত কাণৰ লতি পৰ্যন্ত উত্তোলন কৰিছিল।"
- "ছামিআল্লাহু লিমান হামিদাহ ৰাব্বানা অলাকাল হাম্দ" এই বাক্যটো কেৱল ইমাম আৰু অকলশৰীয়া নামাজীৰ বাবে নিৰ্দিষ্ট। আনহাতে মুক্তাদীয়ে কেৱল এইখিনি ক'লেই যথেষ্টঃ ৰাব্বানা অলাকাল হাম্দ।
- ৰূকুৰ পিছত "ৰাব্বানা অলাকাল হাম্দ" পাঠ কৰাৰ চাৰিটা ধৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰত প্ৰমাণিত আছে। এইটো হৈছে তাৰেই এটা। গতিকে উত্তম হৈছে, কেতিয়াবা এইটো পাঠ কৰা আৰু কেতিয়াবা সেইটো পাঠ কৰা।