আল কোৰআন আল কাৰীম

Share

{নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।} (আল-বাক্বাৰাহ : 158).
۞ إِنَّ ٱلصَّفَا وَٱلۡمَرۡوَةَ مِن شَعَآئِرِ ٱللَّهِۖ فَمَنۡ حَجَّ ٱلۡبَيۡتَ أَوِ ٱعۡتَمَرَ فَلَا جُنَاحَ عَلَيۡهِ أَن يَطَّوَّفَ بِهِمَاۚ وَمَن تَطَوَّعَ خَيۡرٗا فَإِنَّ ٱللَّهَ شَاكِرٌ عَلِيمٌ
{আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।} (আল-বাক্বাৰাহ : 196).
وَأَتِمُّواْ ٱلۡحَجَّ وَٱلۡعُمۡرَةَ لِلَّهِۚ فَإِنۡ أُحۡصِرۡتُمۡ فَمَا ٱسۡتَيۡسَرَ مِنَ ٱلۡهَدۡيِۖ وَلَا تَحۡلِقُواْ رُءُوسَكُمۡ حَتَّىٰ يَبۡلُغَ ٱلۡهَدۡيُ مَحِلَّهُۥۚ فَمَن كَانَ مِنكُم مَّرِيضًا أَوۡ بِهِۦٓ أَذٗى مِّن رَّأۡسِهِۦ فَفِدۡيَةٞ مِّن صِيَامٍ أَوۡ صَدَقَةٍ أَوۡ نُسُكٖۚ فَإِذَآ أَمِنتُمۡ فَمَن تَمَتَّعَ بِٱلۡعُمۡرَةِ إِلَى ٱلۡحَجِّ فَمَا ٱسۡتَيۡسَرَ مِنَ ٱلۡهَدۡيِۚ فَمَن لَّمۡ يَجِدۡ فَصِيَامُ ثَلَٰثَةِ أَيَّامٖ فِي ٱلۡحَجِّ وَسَبۡعَةٍ إِذَا رَجَعۡتُمۡۗ تِلۡكَ عَشَرَةٞ كَامِلَةٞۗ ذَٰلِكَ لِمَن لَّمۡ يَكُنۡ أَهۡلُهُۥ حَاضِرِي ٱلۡمَسۡجِدِ ٱلۡحَرَامِۚ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ
{হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত (শ্বাওৱাল, জুলকাদাহ আৰু জুলহিজ্জা মাহত)। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেকসম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।} (আল-বাক্বাৰাহ : 197).
ٱلۡحَجُّ أَشۡهُرٞ مَّعۡلُومَٰتٞۚ فَمَن فَرَضَ فِيهِنَّ ٱلۡحَجَّ فَلَا رَفَثَ وَلَا فُسُوقَ وَلَا جِدَالَ فِي ٱلۡحَجِّۗ وَمَا تَفۡعَلُواْ مِنۡ خَيۡرٖ يَعۡلَمۡهُ ٱللَّهُۗ وَتَزَوَّدُواْ فَإِنَّ خَيۡرَ ٱلزَّادِ ٱلتَّقۡوَىٰۖ وَٱتَّقُونِ يَٰٓأُوْلِي ٱلۡأَلۡبَٰبِ
{(হজ্জৰ সময়ত) তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান (ব্যৱসায়-বাণিজ্য) কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া (মুজদালিফাত) মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈয়ে তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভুক্ত আছিলা।} (আল-বাক্বাৰাহ : 198).
لَيۡسَ عَلَيۡكُمۡ جُنَاحٌ أَن تَبۡتَغُواْ فَضۡلٗا مِّن رَّبِّكُمۡۚ فَإِذَآ أَفَضۡتُم مِّنۡ عَرَفَٰتٖ فَٱذۡكُرُواْ ٱللَّهَ عِندَ ٱلۡمَشۡعَرِ ٱلۡحَرَامِۖ وَٱذۡكُرُوهُ كَمَا هَدَىٰكُمۡ وَإِن كُنتُم مِّن قَبۡلِهِۦ لَمِنَ ٱلضَّآلِّينَ
{তাৰ পিছত (কুৰাইশ্বৰ দৰে আৰাফাতত নগৈ কেৱল মুজদালিফাৰ পৰা উভতি নাহিবা বৰং) অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা (আৰাফাতৰ পৰা মুজদালিফালৈ) উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।} (আল-বাক্বাৰাহ : 199).
ثُمَّ أَفِيضُواْ مِنۡ حَيۡثُ أَفَاضَ ٱلنَّاسُ وَٱسۡتَغۡفِرُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ
{তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া (মিনাত) আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ (অজ্ঞতা যুগত) তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈও অধিক। মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। (জানি থোৱা) আখিৰাতত তাৰ বাবে কোনো অংশ নাই।} (আল-বাক্বাৰাহ : 200).
فَإِذَا قَضَيۡتُم مَّنَٰسِكَكُمۡ فَٱذۡكُرُواْ ٱللَّهَ كَذِكۡرِكُمۡ ءَابَآءَكُمۡ أَوۡ أَشَدَّ ذِكۡرٗاۗ فَمِنَ ٱلنَّاسِ مَن يَقُولُ رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا وَمَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِنۡ خَلَٰقٖ
{আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।} (আল-বাক্বাৰাহ : 201).
وَمِنۡهُم مَّن يَقُولُ رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ حَسَنَةٗ وَقِنَا عَذَابَ ٱلنَّارِ
{এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।} (আল-বাক্বাৰাহ : 202).
أُوْلَٰٓئِكَ لَهُمۡ نَصِيبٞ مِّمَّا كَسَبُواْۚ وَٱللَّهُ سَرِيعُ ٱلۡحِسَابِ
{আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত (জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখ এই তিনিদিন মীনাত অৱস্থান কৰা সময়ত) আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ’ব। এইটো (নিয়ম) সেই ব্যক্তিৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা যে, তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।} (আল-বাক্বাৰাহ : 203).
۞ وَٱذۡكُرُواْ ٱللَّهَ فِيٓ أَيَّامٖ مَّعۡدُودَٰتٖۚ فَمَن تَعَجَّلَ فِي يَوۡمَيۡنِ فَلَآ إِثۡمَ عَلَيۡهِ وَمَن تَأَخَّرَ فَلَآ إِثۡمَ عَلَيۡهِۖ لِمَنِ ٱتَّقَىٰۗ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّكُمۡ إِلَيۡهِ تُحۡشَرُونَ
{নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল, সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।} (আলে-ইমৰাণ : 96).
إِنَّ أَوَّلَ بَيۡتٖ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكٗا وَهُدٗى لِّلۡعَٰلَمِينَ
{তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম (শিলৰ ওপৰত ইব্ৰাহীমৰ পদচিহ্ন); যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব; আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।} (আলে-ইমৰাণ : 97).
فِيهِ ءَايَٰتُۢ بَيِّنَٰتٞ مَّقَامُ إِبۡرَٰهِيمَۖ وَمَن دَخَلَهُۥ كَانَ ءَامِنٗاۗ وَلِلَّهِ عَلَى ٱلنَّاسِ حِجُّ ٱلۡبَيۡتِ مَنِ ٱسۡتَطَاعَ إِلَيۡهِ سَبِيلٗاۚ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنِ ٱلۡعَٰلَمِينَ
{হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।} (আল-মায়িদাহ : 1).
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَوۡفُواْ بِٱلۡعُقُودِۚ أُحِلَّتۡ لَكُم بَهِيمَةُ ٱلۡأَنۡعَٰمِ إِلَّا مَا يُتۡلَىٰ عَلَيۡكُمۡ غَيۡرَ مُحِلِّي ٱلصَّيۡدِ وَأَنتُمۡ حُرُمٌۗ إِنَّ ٱللَّهَ يَحۡكُمُ مَا يُرِيدُ