আল কোৰআন আল কাৰীম

Share

{হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা, আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।} (আল-মায়িদাহ : 2).
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُحِلُّواْ شَعَٰٓئِرَ ٱللَّهِ وَلَا ٱلشَّهۡرَ ٱلۡحَرَامَ وَلَا ٱلۡهَدۡيَ وَلَا ٱلۡقَلَٰٓئِدَ وَلَآ ءَآمِّينَ ٱلۡبَيۡتَ ٱلۡحَرَامَ يَبۡتَغُونَ فَضۡلٗا مِّن رَّبِّهِمۡ وَرِضۡوَٰنٗاۚ وَإِذَا حَلَلۡتُمۡ فَٱصۡطَادُواْۚ وَلَا يَجۡرِمَنَّكُمۡ شَنَـَٔانُ قَوۡمٍ أَن صَدُّوكُمۡ عَنِ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ أَن تَعۡتَدُواْۘ وَتَعَاوَنُواْ عَلَى ٱلۡبِرِّ وَٱلتَّقۡوَىٰۖ وَلَا تَعَاوَنُواْ عَلَى ٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِۚ وَٱتَّقُواْ ٱللَّهَۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ
{হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক নিশ্চয় পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। গতিকে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।} (আল-মায়িদাহ : 94).
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَيَبۡلُوَنَّكُمُ ٱللَّهُ بِشَيۡءٖ مِّنَ ٱلصَّيۡدِ تَنَالُهُۥٓ أَيۡدِيكُمۡ وَرِمَاحُكُمۡ لِيَعۡلَمَ ٱللَّهُ مَن يَخَافُهُۥ بِٱلۡغَيۡبِۚ فَمَنِ ٱعۡتَدَىٰ بَعۡدَ ذَٰلِكَ فَلَهُۥ عَذَابٌ أَلِيمٞ
{হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু হত্যা) নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি পুনৰ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।} (আল-মায়িদাহ : 95).
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَقۡتُلُواْ ٱلصَّيۡدَ وَأَنتُمۡ حُرُمٞۚ وَمَن قَتَلَهُۥ مِنكُم مُّتَعَمِّدٗا فَجَزَآءٞ مِّثۡلُ مَا قَتَلَ مِنَ ٱلنَّعَمِ يَحۡكُمُ بِهِۦ ذَوَا عَدۡلٖ مِّنكُمۡ هَدۡيَۢا بَٰلِغَ ٱلۡكَعۡبَةِ أَوۡ كَفَّٰرَةٞ طَعَامُ مَسَٰكِينَ أَوۡ عَدۡلُ ذَٰلِكَ صِيَامٗا لِّيَذُوقَ وَبَالَ أَمۡرِهِۦۗ عَفَا ٱللَّهُ عَمَّا سَلَفَۚ وَمَنۡ عَادَ فَيَنتَقِمُ ٱللَّهُ مِنۡهُۚ وَٱللَّهُ عَزِيزٞ ذُو ٱنتِقَامٍ
{তোমালোকৰ বাবে সাগৰৰ পৰা চিকাৰ কৰা আৰু সেয়া ভক্ষণ কৰাটো হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।} (আল-মায়িদাহ : 96).
أُحِلَّ لَكُمۡ صَيۡدُ ٱلۡبَحۡرِ وَطَعَامُهُۥ مَتَٰعٗا لَّكُمۡ وَلِلسَّيَّارَةِۖ وَحُرِّمَ عَلَيۡكُمۡ صَيۡدُ ٱلۡبَرِّ مَا دُمۡتُمۡ حُرُمٗاۗ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِيٓ إِلَيۡهِ تُحۡشَرُونَ
{আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদয়ি আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।} (আল-মায়িদাহ : 97).
۞ جَعَلَ ٱللَّهُ ٱلۡكَعۡبَةَ ٱلۡبَيۡتَ ٱلۡحَرَامَ قِيَٰمٗا لِّلنَّاسِ وَٱلشَّهۡرَ ٱلۡحَرَامَ وَٱلۡهَدۡيَ وَٱلۡقَلَٰٓئِدَۚ ذَٰلِكَ لِتَعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَأَنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٌ
{হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।} (আত-তাওবাহ : 19).
۞ أَجَعَلۡتُمۡ سِقَايَةَ ٱلۡحَآجِّ وَعِمَارَةَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ كَمَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَجَٰهَدَ فِي سَبِيلِ ٱللَّهِۚ لَا يَسۡتَوُۥنَ عِندَ ٱللَّهِۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ
{‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;} (আল-হাজ্জ : 27).
وَأَذِّن فِي ٱلنَّاسِ بِٱلۡحَجِّ يَأۡتُوكَ رِجَالٗا وَعَلَىٰ كُلِّ ضَامِرٖ يَأۡتِينَ مِن كُلِّ فَجٍّ عَمِيقٖ
{‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি জবেহ) কৰিব পাৰে। এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।} (আল-হাজ্জ : 28).
لِّيَشۡهَدُواْ مَنَٰفِعَ لَهُمۡ وَيَذۡكُرُواْ ٱسۡمَ ٱللَّهِ فِيٓ أَيَّامٖ مَّعۡلُومَٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلۡأَنۡعَٰمِۖ فَكُلُواْ مِنۡهَا وَأَطۡعِمُواْ ٱلۡبَآئِسَ ٱلۡفَقِيرَ
{‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে’।} (আল-হাজ্জ : 29).
ثُمَّ لۡيَقۡضُواْ تَفَثَهُمۡ وَلۡيُوفُواْ نُذُورَهُمۡ وَلۡيَطَّوَّفُواْ بِٱلۡبَيۡتِ ٱلۡعَتِيقِ
{এই (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত।} (আল-হাজ্জ : 33).
لَكُمۡ فِيهَا مَنَٰفِعُ إِلَىٰٓ أَجَلٖ مُّسَمّٗى ثُمَّ مَحِلُّهَآ إِلَى ٱلۡبَيۡتِ ٱلۡعَتِيقِ
{আৰু (কুৰবানীৰ) উটক আমি আল্লাহৰ (দ্বীনৰ) প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি নহৰ) কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্য্যশীল অভাৱগ্ৰস্তক লগতে সহায়প্ৰাৰ্থী নিচলাসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।} (আল-হাজ্জ : 36).
وَٱلۡبُدۡنَ جَعَلۡنَٰهَا لَكُم مِّن شَعَٰٓئِرِ ٱللَّهِ لَكُمۡ فِيهَا خَيۡرٞۖ فَٱذۡكُرُواْ ٱسۡمَ ٱللَّهِ عَلَيۡهَا صَوَآفَّۖ فَإِذَا وَجَبَتۡ جُنُوبُهَا فَكُلُواْ مِنۡهَا وَأَطۡعِمُواْ ٱلۡقَانِعَ وَٱلۡمُعۡتَرَّۚ كَذَٰلِكَ سَخَّرۡنَٰهَا لَكُمۡ لَعَلَّكُمۡ تَشۡكُرُونَ
{সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।} (আল-হাজ্জ : 37).
لَن يَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَآؤُهَا وَلَٰكِن يَنَالُهُ ٱلتَّقۡوَىٰ مِنكُمۡۚ كَذَٰلِكَ سَخَّرَهَا لَكُمۡ لِتُكَبِّرُواْ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمۡۗ وَبَشِّرِ ٱلۡمُحۡسِنِينَ