- হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰা অনিবাৰ্য। আনকি তেখেতক সকলো সৃষ্টিতকৈ অধিক মুহাব্বত কৰিব লাগিব।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামক পৰিপূৰ্ণ মুহাব্বত কৰাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পক্ষত থিয় হোৱা, আৰু ইয়াৰ সপক্ষে শাৰীৰিক আৰু আৰ্থিক সকলো প্ৰকাৰে সহায় কৰা।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰাৰ অৰ্থ হৈছে, তেখেতে যি আদেশ দিছে সেইটো পালন কৰা আৰু তেখেতে যি যি সংবাদ দিছে সেইবোৰ বিশ্বাস কৰা, লগতে তেখেতে যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা আঁতৰি থকা, এইদৰে তেখেতৰ আনুগত্য আৰু বিদআত পৰিহাৰ কৰা।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাৰ সকলো মানুহৰ অধিকাৰতকৈ অধিক গুৰুত্বপূৰ্ণ, কাৰণ তেখেতেই আমাক পথভ্ৰষ্টতাৰ পৰা হিদায়তৰ পথ দেখুৱাইছে আৰু জাহান্নামৰ পৰা মুক্তিৰ বাট দেখুৱাইছে আৰু জান্নাত লাভৰ সুযোগ কৰি দিছে।