ব্যাখ্যা
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সম্পদৰ কেইটামান প্ৰকাৰ উল্লেখ কৰিছে, লগতে যিসকলে এইবোৰৰ জাকাত আদায় নকৰে, কিয়ামতৰ দিনা সিহঁতে কি প্ৰতিদান পাব সেয়া উল্লেখ কৰিছে। যেনে-
প্ৰথমঃ সোণ-ৰূপ আৰু ইয়াৰ সমপৰ্যায়ৰ সম্পদ লগতে বাণিজ্যিক পণ্য। অৰ্থাৎ নিচাব পৰিমাণৰ সম্পদ যিটোৰ জাকাত আদায় কৰা নাই। কিয়ামতৰ দিনা সেইবোৰ সম্পদৰ দ্বাৰা লোৰ পাতৰ দৰে চেপেটা পাত বনাই সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰেৰে সম্পদৰ গৰাকীক শাস্তি বিহা হ'ব। সেইবোৰৰ দ্বাৰা তাৰ পাৰ্শ্বদেশত কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়াই ঠাণ্ডা হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি কিয়ামতৰ গোটেই দিৱসত হৈ থাকিব, যিটো দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। অৱশেষত আল্লাহে সৃষ্টিসকলৰ মাজত বিচাৰ কাৰ্য্য সম্পন্ন কৰিব আৰু জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব।
দ্বিতীয়ঃ উটৰ গৰাকী যিয়ে সেইবোৰৰ ফৰজ জাকাত আদায় নকৰে। লগতে গাখীৰ খিৰোৱাৰ সময়ত উপস্থিত হোৱা ফকীৰ মিছনক গাখীৰ প্ৰদান নকৰে। কিয়ামতৰ দিনা এইবোৰ উটক মোটা তাজা তথা শকত অৱস্থাত আৰু সংখ্যা বৃদ্ধিকৈ উপস্থিত কৰা হ'ব আৰু উটৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। এই উটবোৰে তাৰ ওপৰেৰে গচকি পাৰ হ'ব আৰু তাক কামুৰিব। যেতিয়া শেষৰ উটটো পাৰ হ'ব, পুনৰ প্ৰথমৰ পৰা আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব।
তৃতীয়ঃ গৰু ছাগলী -ভেৰা দুম্বা- আদিৰ গৰাকী, যিয়ে এইবোৰৰ ফৰজ জাকাত আদায় নকৰে। কিয়ামতৰ দিনা সেইবোৰক পৰিপূৰ্ণ সংখ্যাত অনা হ'ব, এটাও কম নাথাকিব। সেইদিনা এইবোৰৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। লগতে সেই গৰু ছাগলীবোৰৰ কোনো এটাৰো শিং ভঙা নাথাকিব আৰু বেকাও নাথাকিব, লগতে শিং নথকা এটাও নাথাকিব। বৰং সেইবোৰ থাকিব পূৰ্ণাংগ বৈশিষ্ট্যত। সেইবোৰে নিজৰ মালিকক শিঙেৰে গতিয়াব আৰু ভৰিৰে মোহাৰিব। যেতিয়াই সেইবোৰৰ শেষৰটো পাৰ হ'ব তেতিয়াই প্ৰথমৰ পৰা আকৌ আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব।
চতুৰ্থঃ ঘোঁৰাৰ মালিক হৈছে তিনি প্ৰকাৰৰঃ
প্ৰথমঃ যিয়ে মানুহক দেখুৱাবলৈ, অহংকাৰ কৰিবলৈ আৰু মুছলিমসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ ঘোঁৰা পোহে, এইবোৰ হ'ব তাৰ বাবে বোজা তথা গুনাহৰ কাৰণ।
দ্বিতীয়ঃ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ ঘোঁৰা পোহে, আৰু তাৰ সৈতে ভাল আচৰণ কৰে, লগতে তাৰ যাৱতীয় ভৰণ-পোষণ উত্তমৰূপে পালন কৰে, তাৰ বাবে এই ঘোঁৰা হ'ব পৰ্দাস্বৰূপ।
তৃতীয়ঃ যি ব্যক্তিয়ে মুছলিমসকলক সহায় কৰিবলৈ তথা আল্লাহৰ পথত জিহাদ কৰিবলৈ ঘোঁৰা পোহে, তাৰ বাবে এইটো ছোৱাবৰ কাৰণ হ'ব। তাৰ এই ঘোঁৰা কোনো চাৰণ ভূমি বা বাগানত লালন-পালন কৰে অথবা ইয়াৰ খাদ্য পানীৰ বাবে যি যোগান ধৰে, সেই খাদ্য অনুযায়ী তাৰ বাবে ছোৱাব লিপিবদ্ধ কৰা হয়। আনকি ইয়াৰ গোবৰ আৰু প্ৰস্ৰাৱৰ বিপৰীতেও ছোৱাব প্ৰদান কৰা হয়। এইদৰে যদি সেই ঘোঁৰাৰ ৰছী ছিঙি এটা বা দুটা টিলা বগাই যায়, তেন্তে তাৰ পদচিহ্ন অনুযায়ী আৰু তাৰ গোবৰ অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। এইদৰে মালিকে যদি সেই ঘোঁৰাটোক কোনো নদীৰ তীৰত লৈ যায় আৰু সেই ঘোঁৰাটোৱে যদি তাৰ পৰা পানী খায়, যদিও পানী তাক মালিকে খাবলৈ অনা নাছিল, তথাপিও সেই পানীৰ পৰিমাণ অনুযায়ী ঘোঁৰাৰ মালিকক ছোৱাব প্ৰদান কৰা হয়।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গাধ সম্পৰ্কে প্ৰশ্ন কৰা হ'ল যে, গাধৰ বিষয়টোও ঘোঁৰাৰ দৰেই নেকি?
তেতিয়া তেখেতে ক'লেঃ এই বিষয়ে বিশেষ কোনো বিধান অৱতীৰ্ণ হোৱা নাই, কিন্তু সকলো প্ৰকাৰ নেক কৰ্ম আৰু পাপ কৰ্ম এই ব্যাপক অৰ্থবোধক আয়াতটোৰ অন্তৰ্ভুক্ত। য'ত মহান আল্লাহে কৈছেঃ "এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব, আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।" (ছুৰা ঝালঝালাহঃ ৭-৮) এতেকে যিয়ে ছোৱাবৰ আশাৰে গাধ পুহিব তথা তাৰ সৈতে ভাল আচৰণ কৰিব তেন্তে তেওঁ ছোৱাব লাভ কৰিব। আনহাতে যদি বেয়া নিয়্যতেৰে গাধ পোহে, তথা তাৰ দ্বাৰা যদি পাপকৰ্ম কৰে তেন্তে এইটো শাস্তিৰ কাৰণ হ'ব। গতিকে এই আয়াতটোত সকলো কৰ্মকে সামৰি লোৱা হৈছে।