- খুতবা শুনাৰ সময়ত কথা কোৱা হাৰাম। হাঁচিৰ উত্তৰ দিয়াই হওক বা ছালামৰ উত্তৰ দিয়া, নাইবা অসৎকৰ্মৰ পৰা নিষেধ কৰাই হওক।
- কেৱল সেই ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়, যিয়ে ইমামক সম্বোধন কৰিব অথবা ইমামে যাক সম্বোধন কৰিব।
- প্ৰয়োজনত দুই খুতবাৰ মাজত কথা কোৱা বৈধ।
- খুতবাৰ সময়ত যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম উচ্চাৰণ হয় তেন্তে তেতিয়া মনে মনে দৰূদ পাঠ কৰা উচিত, এইদৰে ইমামে দুআ কৰিলে সেই দুআত আমিন কোৱা উচিত।