- জুমুআৰ দিনা গোছল কৰিবলৈ উৎসাহিত কৰা হৈছে। অৰ্থাৎ জুমুআৰ নামাজৰ বাবে যোৱাৰ পূৰ্বে।
- দিনৰ প্ৰথম ভাগতে জুমুআৰ উদ্দেশ্যে যোৱাৰ ফজিলত।
- নেক আমলৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে।
- হাদীছটোৰ পৰা জানিলোঁ যে, ফিৰিস্তাসকল জুমুআৰ দিনা উপস্থিত হয় আৰু মনোযোগ সহকাৰে খুতবা শুনে।
- ফিৰিস্তাসকল মছজিদৰ দুৱাৰত বহি থাকে, তেওঁলোকে জুমুআৰ নামাজৰ বাবে আগমনকাৰীসকলৰ ক্ৰমানুসাৰে নাম লিখে।
- ইবনে ৰজব ৰাহিমাহুল্লাহে হাদীছৰ এই বাক্যটোৰ বিষয়ে কৈছে যে, (من اغتسل يوم الجمعة، ثم راح) ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, জুমুআৰ দিনা গোছল কৰাটো মুস্তাহাব। দিনৰ প্ৰথম সময়ছোৱাৰ পৰা জুমুআৰ বাবে যোৱাৰ আগলৈকে গোছল কৰিলেই হ'ল।