- জামাআতত নামাজ পঢ়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে। লগতে শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হ'ব নালাগে, অন্যথা নামাজ বাতিল হ'ব।
- ইবনু হাজাৰে কৈছেঃ যদি কোনোবাই শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজত প্ৰৱেশ কৰিছে আৰু ৰূকুৰ পৰা উঠাৰ আগতে যদি শাৰীত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বাবে সেই নামাজ পুনৰ পঢ়াৰ প্ৰয়োজন নাই। কিয়নো ইয়াৰ প্ৰমাণ আবূ বাকৰাৰ হাদীছত পোৱা যায়। আনহাতে ইয়াৰ বাহিৰে ওৱাবিছাৰ হাদীছটোৰ অৰ্থ ব্যাপক।