- মুচল্লীয়ে যদি নামাজত সন্দেহৰ বশৱৰ্তী হয় তথা দুটা বিষয়ত দ্বিধাগ্ৰস্ত হয়, তেন্তে সন্দেহ যুক্ত বিষয়টোক পৰিত্যাগ কৰি নিশ্চিত বিষয়টোক গ্ৰহণ কৰা উচিত। অৰ্থাৎ কম সংখ্যাক গ্ৰহণ কৰা উচিত। তেতিয়াহে তেওঁৰ চালাত সম্পূৰ্ণ হ'ব আৰু ছালাম ফিৰোৱাৰ আগত ছাজদায়ে ছাহু কৰি লোৱা উচিত।
- এই ছাজদাহ দুটা হৈছে নামাজৰ ত্ৰুটি দূৰ কৰা আৰু চয়তানক তাৰ উদ্দেশ্য পূৰণৰ পৰা দূৰ কৰি লাঞ্ছিত অপমানিত কৰাৰ উপায়।
- হাদীছটোত উল্লিখিত সন্দেহৰ দ্বাৰা দ্বিধাগ্ৰস্ত হোৱাক বুজোৱা হৈছে। এতেকে সন্দেহ যিফালে বেছি হ'ব সেইটোক পৰিত্যাগ কৰি আমল কৰা উচিত।
- সন্দেহ তথা কুমন্ত্ৰণাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আৰু চৰীয়তৰ নিৰ্দেশনা মতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।