- ৰাছুলৰ আনুগত্য কৰা মানে আল্লাহৰ আনুগত্য কৰা, আৰু ৰাছুলৰ অবাধ্যতা কৰা মানে আল্লাহৰ অবাধ্যতা কৰা।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য হৈছে জান্নাতত প্ৰৱেশৰ কাৰণ, আৰু তেখেতৰ অবাধ্যতা হৈছে জাহান্নামত প্ৰৱেশৰ কাৰণ।
- হাদীছটোত এই উম্মতৰ আনুগত্যশীল লোকসকলক সুসংবাদ প্ৰদান কৰা হৈছে যে, তেওঁলোক আটায়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰে।
- উম্মতৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আছিল আৰু তেওঁলোকৰ হিদায়তৰ প্ৰতি তেখেত খুবেই আগ্ৰহী আছিল।