- যেনেকৈ ছোৱাবৰ ক্ষেত্ৰত নেক আমলসমূহৰ পাৰ্থক্য আছে, ঠিক তেনেকৈ ভয়াৱহতাৰ ক্ষেত্ৰতো গুনাহৰ পাৰ্থক্য আছে।
- আটাইতকৈ ডাঙৰ গুনাহ হৈছে আল্লাহৰ লগত কৰা শ্বিৰ্ক। ইয়াৰ পিছত হৈছে ভৰণ-পোষণৰ ভয়ত সন্তানক হত্যা কৰা, তাৰ পিছত হৈছে প্ৰতিৱেশীৰ স্ত্ৰীৰ সৈতে জিনা কৰা।
- জীৱিকাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত, তেৱেঁই সকলো সৃষ্টিৰ জীৱিকাৰ দায়িত্বভাৰ লৈছে।
- প্ৰতিৱেশীৰ অধিকাৰৰ গুৰুত্ব, অন্য কোনো ব্যক্তিক কষ্ট দিয়াৰ তুলনাত প্ৰতিৱেশীক দিয়া কষ্টৰ গুনাহ অধিক।
- একমাত্ৰ সৃষ্টিকৰ্তাই হৈছে ইবাদতৰ উপযুক্ত, তেওঁৰ কোনো অংশীদাৰ নাই।