- কুকুৰৰ মুখৰ পানী অপৱিত্ৰ, ঘোৰ অপৱিত্ৰ।
- কুকুৰে পাত্ৰ চেলেকিলেই অপৱিত্ৰ হৈ যায়, তাত থকা পানীও অপৱিত্ৰ হয়।
- মাটিৰে ঘঁহি সাতবাৰ ধুই পৰিষ্কাৰ কৰাটো হৈছে কেৱল কুকুৰে চেলেকাৰ সৈতে নিৰ্দিষ্ট। কিন্তু কুকুৰে প্ৰস্ৰাৱ কৰিলে বা কুকুৰৰ শৰীৰৰ অন্য কোনো অপৱিত্ৰতা এই পদ্ধতিৰে দূৰ নহয়।
- মাটিৰে পাত্ৰটো পৰিষ্কাৰ কৰাৰ পদ্ধতি হৈছে, পাত্ৰটোত অকণমান পানী লৈ তাত মাটি দি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰা।
- সকলো প্ৰকাৰ কুকুৰ এই হাদীছৰ অন্তৰ্ভুক্ত। আনকি সেইবোৰ কুকুৰো ইয়াৰ অন্তৰ্ভুক্ত যিবোৰ লালন-পালন কৰাৰ অনুমতি চৰীয়তে প্ৰদান কৰিছে। যেনে- চিকাৰ কৰিবলৈ, পহৰা দিবলৈ ৰখা কুকুৰ, আৰু জীৱ-জন্তুৰ পালৰ সৈতে ৰখা কুকুৰ।
- মাটিৰ সৈতে চাবোন শ্বেম্পু আদিৰ তুলনা নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাটিৰে ঘঁহিবলৈ নিৰ্দেশ দিছে।