- এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক বিষয়ৰ উৎস আৰু ফিকাহৰ এটা অন্যতম নীতি। সেয়া হৈছে এই যে, সন্দেহৰ বশৱৰ্তী হৈ কেতিয়াও য়াক্বীনক নাকচ কৰিব নোৱাৰি। মূল হৈছে পূৰ্বৱৰ্তী অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত থকা, যেতিয়ালৈকে ইয়াৰ বিপৰীত কোনো বিষয় নিশ্চিত নহয়।
- সন্দেহে কেতিয়াও পৱিত্ৰতাত প্ৰভাৱ পেলাব নোৱাৰে। সেয়ে মুচল্লীয়ে অজু ভংগ হোৱাৰ বিষয়ে নিশ্চিত নোহোৱালৈকে নিজৰ পৱিত্ৰতাৰ ওপৰতে নিশ্চিত থকা উচিত।