- ঈমানৰ কেইবাটাও স্তৰ আছে, এটাতকৈ আনটো উত্তম।
- কথা, কৰ্ম আৰু বিশ্বাসৰ সমষ্টিয়ে হৈছে ঈমান।
- হায়া হৈছে আল্লাহৰ পৰা প্ৰাপ্ত এটা নিয়ামত, ইয়াৰ উদ্দেশ্য হৈছেঃ আল্লাহে যেন আপোনাক সেই ঠাইত দেখা নাপায়, য'ত যাবলৈ তেওঁ আপোনাক নিষেধ কৰিছে। লগতে সেই ঠাইত যেন আপোনাক অনুপস্থিত নাপায়, য'ত যাবলৈ তেওঁ আপোনাক আদেশ কৰিছে।
- সংখ্যা উল্লেখ কৰাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ দ্বাৰা সীমাবদ্ধ কৰা বুজাইছে, বৰং ই ঈমান সম্পৰ্কীয় আমলৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি ইংগিত দিয়ে, কাৰণ আৰববাসীসকলে কেতিয়াবা কোনো বস্তুৰ সংখ্যা উল্লেখ কৰিছিল, কিন্তু সেইটোৰ দ্বাৰা বাকী বিলাকক নস্যাৎ কৰা নাছিল।