- অজু কৰি মোজা পিন্ধিলে পুনৰ অজু কৰাৰ সময়ত সেই মোজাৰ ওপৰত মছেহ কৰিব পাৰি, এইটো চৰীয়ত সন্মত। কিন্তু যদি গোছল ওৱাজিব হয় তেন্তে মোজা খুলি ভৰি ধোৱাটো অনিবাৰ্য।
- মছেহ কৰাৰ সময়ত ভৰি এবাৰ মছেহ কৰিলেই যথেষ্ট। হাতখন তিয়াই লৈ ভৰিৰ পৃষ্ঠভাগত মছেহ কৰিব লাগে, তলভাগত নহয়।
- মছেহ কৰাৰ চৰ্ত হৈছে পিন্ধি থকা মোজাযোৰ পৰিপূৰ্ণ অজু কৰাৰ পিছত পিন্ধা হ'ব লাগিব। লগতে মোজাযোৰ পৱিত্ৰ হ'ব লাগিব আৰু ভৰিৰ যিখিনি অংশ ধোৱা ফৰজ সেইখিনি অংশক ঢাকি ৰাখিব পৰা হ'ব লাগিব। এই মছেহ কেৱল হাদাছে আচগাৰ হ'লেহে কৰিব পাৰি, গোছল ওৱাজিব হ'লে মছেহ নচলিব। এইদৰে চৰীয়তে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতেই হ'ব লাগিব আৰু সেই সময়সীমা হৈছে, মুক্বীমৰ বাবে এদিন এৰাতি, আৰু মুছাফিৰৰ বাবে তিনিদিন তিনিৰাতি।
- মূল হৈছে চামৰাৰ মোজা, ইয়াৰ ওপৰতেই কিয়াছ কৰি প্ৰতিটো সেই মোজা ইয়াৰ অন্তৰ্ভুক্ত যিটোৱে ভৰিৰ পতাক সৰুগাঁঠিলৈকে ঢাকি ৰাখে। যেনে কাপোৰৰ মোজা আদি, সেইবোৰৰ ওপৰতো মছেহ কৰা জায়েজ।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰ আৰু তেখেতৰ সুন্দৰ শিক্ষা পদ্ধতিৰ উৎকৃষ্ট প্ৰমাণ যে, তেখেতে মুগীৰাক মোজা খুলি দিবলৈ নিষেধ কৰিলে, লগতে ইয়াৰ কাৰণো উল্লেখ কৰিলে যে, তেখেতে পৱিত্ৰ অৱস্থাত এই মোজাযোৰ পিন্ধিছে। যাতে মুগীৰা আশ্বস্ত হয় আৰু ইয়াৰ বিধানটোও গম পায়।