- গোছল দুই প্ৰকাৰঃ পৰ্যাপ্ত গোছল আৰু পৰিপূৰ্ণ গোছল। পৰ্যাপ্ত গোছল কোৱা হয়, কুলি আৰু নাক চাফ কৰি পৰিস্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে গোটেই শৰীৰত পানী ঢালি গোছল কৰা। আনহাতে পৰিপূৰ্ণ গোছল হৈছে সেইদৰে গোছল কৰা, যিদৰে এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোছল কৰিছিল বুলি বৰ্ণিত হৈছে।
- জানাবাত কোৱা হয় বীৰ্য স্খলিত হোৱা অৱস্থাক, যি উপায়েৰেই হওক। স্ত্ৰী সহবাসৰ কাৰণে হওক বা বেয়া সপোন দেখাৰ ফলত। আনহাতে স্ত্ৰীৰ সৈতে মিলন কৰাৰ পিছত বীৰ্যস্খলন নহ'লেও সেইটোক জানাবাত বুলি কোৱা হয়।
- স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ গোপন অংগত দৃষ্টিপাত কৰাত কোনো অসুবিধা নাই আৰু এইদৰে একে পাত্ৰৰ পৰা পানীলৈ একেলগে গোছল কৰাতো কোনো বাধা নাই।