- ৰাছুলসকলৰ এই ছুন্নতবোৰক আল্লাহে ভাল পায় তথা পছন্দ কৰে, লগতে ইয়াৰ দ্বাৰা পৰিপূৰ্ণৰূপে পৰিস্কাৰ-পৰিচ্ছন্ন হ'বলৈ আৰু সৌন্দৰ্য অৱলম্বন কৰিবলৈ আহ্বান কৰে।
- এইবোৰক নিয়মিত পালন কৰা উচিত, অৱহেলা কৰা অনুচিত।
- এই স্বভাৱবোৰত দ্বীনি আৰু দুনিয়াবী উভয় জগতৰ উপকাৰিতা আছে, যেনে: সুন্দৰ আকৃতি, শৰীৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, পৱিত্ৰতাৰ প্ৰতি সতর্কতা আৰু কাফিৰসকলৰ নিদর্শনৰ বিৰোধিতা, লগতে ইয়াৰ দ্বাৰা আল্লাহৰ আদেশ বাস্তৱায়ন হয়।
- অন্যান্য হাদীছত এই পাঁচটাতকৈও অধিক স্বভাৱ বৰ্ণিত হৈছে। যেনে- দাড়ি দীঘল কৰা, মিছৱাক কৰা আদি।