- নবী চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ প্ৰতি অত্যন্ত দয়ালু আছিল আৰু তেওঁলোকৰ প্ৰতিটো কষ্টকলৈ চিন্তিা কৰিছিল।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতিটো আদেশ হৈছে ওৱাজিব, কেৱল সেইটোৰ বাহিৰে যিটো নফল হোৱাৰ ক্ষেত্ৰত প্ৰমাণ আছে।
- মিছৱাক কৰা মুস্তাহাব, বিশেষকৈ নামাজৰ সময়ত মিছৱাক কৰা অধিক গুৰুত্বপূৰ্ণ।
- ইবনু দাক্বীকুল ঈদে কৈছেঃ নামাজৰ সময়ত মিছৱাক কৰাটো মুস্তাহাব হোৱাৰ কাৰণ হৈছে, এইটো হৈছে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ সময়। সেয়ে এই সময়ত পৰিষ্কাৰ-পৰিচ্ছন্ন হ'ব লাগে, যাতে ইবাদতৰ মৰ্যাদা প্ৰকাশ হয়।
- হাদীছটোৰ ব্যাপক অৰ্থৰ ভিতৰত ৰোজাদাৰসকলৰ মিছৱাকো অন্তৰ্ভুক্ত, যদিও সূৰ্য্য ঢাল খোৱাৰ পিছত হয়, যেনে- জোহৰ আৰু আচৰৰ নামাজৰ সময়ত।