- চুগলখুৰী কৰা আৰু প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে হিফাজত নকৰাটো হৈছে এক প্ৰকাৰ কাবীৰাহ গুনাহ, তথা এইটো হৈছে কবৰত শাস্তি হোৱাৰ অন্যতম এটা কাৰণ।
- মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ প্ৰমাণ দেখুৱাবলৈ কিছুমান গায়েবী বিষয়ো উন্মুক্ত কৰিছে, যেনে- কবৰৰ শাস্তি।
- খেজুৰ গছৰ ঠাৰি ফালি দুভাগ কৰি লগাই দিয়াৰ বিষয়টো কেৱল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবেই নিৰ্দিষ্ট আছিল। কাৰণ কবৰৰ অধিবাসীৰ অৱস্থা সম্পৰ্কে আল্লাহে তেওঁক অৱগত কৰোৱাইছিল। গতিকে এই বিষয়টো আন কাৰো সৈতে কেতিয়াও তুলনা হ'ব নোৱাৰে, কিয়নো কবৰত থকা লোকৰ অৱস্থা সম্পৰ্কে কোনেও অৱগত নহয়।