- হাদীছটোৰ দ্বাৰা এই কথা প্ৰমাণিত হয় যে, আখিৰাতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্বাফাআত বা ছুপাৰিছ কৰিব, আৰু এইটো হ'ব কেৱল মনে প্ৰাণে তাওহীদ স্বীকাৰ কৰা ব্যক্তিসকলৰ বাবে নিৰ্দিষ্ট।
- তাওহীদ স্বীকাৰ কৰা লোকসকলৰ মাজৰ যিসকলৰ বিষয়ে জাহান্নামৰ ফয়চালা হৈছে, সিহঁতৰ ক্ষেত্ৰত তেখেতৰ শ্বাফাআতৰ অৰ্থ হৈছে, তেখেতে আল্লাহৰ ওচৰত অনুৰোধ কৰিব যে, আল্লাহে যেন সিহঁতক জাহান্নামত নিক্ষেপ নকৰে আৰু যিসকলে প্ৰৱেশ কৰিছে সিহঁতৰ ক্ষেত্ৰত শ্বাফাআতৰ অৰ্থ হৈছে আল্লাহে যেন সিহঁতক উলিয়াই আনে।
- নিৰ্ভেজালভাৱে আল্লাহৰ তাওহীদ স্বীকাৰ কৰাৰ গুৰুত্ব, আৰু ইয়াৰ মহা প্ৰভাৱ।
- লা ইলাহা ইল্লাল্লাহক অৰ্থ সহকাৰে জানি লৈ তাক বাস্তৱায়ন কৰা আৰু ইয়াৰ দাবী অনুসৰি আমল কৰা।
- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত আৰু জ্ঞান অৰ্জনৰ প্ৰতি থকা তেখেতৰ আগ্ৰহ হাদীছটোৰ দ্বাৰা স্পষ্ট।