- টোপনিৰ পৰা নুঠিলেও অজুৰ আৰম্ভণিত পাত্রৰ ভতিৰত হাত সোমোৱাই দিয়াৰ পূর্বে দুয়ো হাত ভালকৈ ধুই লোৱা মুস্তাহাব। আনহাতে যদি ৰাতিৰ টোপনিৰ পৰা সাৰ পায় তেন্তে দুয়ো হাত ধুই লোৱা ওৱাজিব।
- শিক্ষকে বুজাবলৈ একেবাৰে সহজ পন্থা অৱলম্বন কৰা উচিত, যাতে ছাত্ৰসকলৰ ভালকৈ মনত থাকে। তাৰে অন্যতম এটা উপায় হৈছে কাৰ্যকৰী কৰি দেখুৱা।
- নামাজত বাধা সৃষ্টি কৰিব পৰা দুনিয়াবী সকলো বিষয়ৰ পৰা মুচল্লীয়ে নিজকে মুক্ত কৰি লোৱা উচিত। কাৰণ পৰিপূৰ্ণৰূপে নামাজ পঢ়িবলৈ অন্তৰ উপস্থিত থকাটো বাঞ্চনীয়। অন্যথা বিভিন্ন চিন্তাই নামাজত বিঘিনি সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত অন্তৰৰ সৈতে সংগ্ৰাম কৰা উচিত, ইয়াত অৱহেলা কৰা উচিত নহয়।
- অজু কৰাৰ ক্ষেত্ৰত সোঁফালক প্ৰাধান্য দিয়া মুস্তাহাব।
- কুলি কৰা, নাকত পানী দিয়া আৰু নাক চাফ কৰা, এই তিনিটা যথাক্ৰমে পালন কৰাৰ বৈধতা।
- মুখমণ্ডল, দুয়ো হাত আৰু দুয়ো ভৰি তিনিবাৰকৈ ধোৱা মুস্তাহাব। কিন্তু নিম্নতম এবাৰ ধোৱা ওৱাজিব।
- হাদীছটোত উল্লেখিত পদ্ধতি অনুযায়ী অজু কৰিলে আৰু দুই ৰাকাত নামাজ পঢ়িলে পূৰ্বৱৰ্তী গুনাহসমূহ মাফ হৈ যায়।
- অজুৰ প্ৰতিটো অংগ ধোৱাৰ এটা সীমা আছে। মুখমণ্ডলৰ সীমা হৈছেঃ দৈৰ্ঘ্য হিচাপে মূৰৰ চুলি গজা ঠাইৰ পৰা দাড়ি গজা থুতুৰিৰ তললৈকে, আৰু প্ৰশস্ত হিচাপে সোঁ কাণৰ পৰা বাওঁ কাণলৈকে। হাতৰ সীমা হৈছেঃ আঙুলিৰ মূৰৰ পৰা কিলাকুটিৰ সংযোগলৈকে। মূৰৰ সীমা হৈছেঃ কপালৰ ফালে মূৰৰ চুলি গজা ঠাইৰ পৰা পিছফালে ঘাৰৰ ওপৰিভাগত মূৰৰ চুলিৰ শেষ সীমালৈকে। কাণ মছেহ কৰাটো হৈছে মূৰৰ অন্তৰ্ভুক্ত। ভৰিৰ সীমা হৈছেঃ ভৰিৰ সৰুগাঁঠিক সামৰিলৈ তলফালৰ গোটেইখিনি অংশ।