- অজু কৰাৰ সময়ত দুয়ো ভৰি ভালকৈ ধোৱা অনিবাৰ্য। কাৰণ কেৱল মছেহ কৰাটো যদি বৈধ হ'লহেঁতেন তেন্তে গোৰোহাত পানী ঢুকি নোপোৱাৰ কাৰণে শাস্তিৰ সতৰ্কবাণী নিদিলেহেঁতেন।
- ধুবলগীয়া অজুৰ অংগবোৰ ভালকৈ ধোৱা ওৱাজিব। যদি কোনোবাই ইয়াৰ সৰু এটা অংশ ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে নোধোৱাকৈ এৰি দিয়ে যিটো ধোৱা ওৱাজিব তেন্তে তাৰ চালাত শুদ্ধ নহ'ব।
- নজনা ব্যক্তিক শিকাই দিয়াৰ গুৰুত্ব।
- ফৰজ বা ছুন্নত বিনষ্ট হোৱা দেখিলে আলিমৰ উচিত হৈছে উপযুক্ত পদ্ধতিৰে তাৰ প্ৰতিবাদ কৰা।
- মুহাম্মদ ইছহাক্ব দেহলৱীয়ে কৈছেঃ সুন্দৰকৈ অজু কৰাৰ ধৰণ হৈছে তিনিটাঃ নূন্যতম এবাৰ ধোৱাটো হৈছে ফৰজ। ছুন্নত হৈছে তিনিবাৰকৈ ধোৱা। আনহাতে মুস্তাহাব হৈছে পৰ্যাপ্ত সময় লৈ তিনিবাৰ ধোৱাৰ লগতে ঘঁহি ঘঁহি ধোৱা।