- পৱিত্ৰতা অৰ্জন নকৰাকৈ নামাজ গ্ৰহণযোগ্য নহয়। হাদাছে আকবাৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিবলৈ গোছল কৰিব লাগে আৰু হাদাছে আচগাৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিবলৈ অজু কৰিব লাগে।
- অজুৰ পদ্ধতি হৈছে, দুয়োখন হাত ভালকৈ ধুই এচলু পানী লৈ মুখত দিয়া আৰু সেই পানী মুখৰ ভিতৰত ভালকৈ ঘূৰাই কুলি কৰিব লাগে। এচলু পানীৰে নাক চাফ কৰিব লাগে অৰ্থাৎ নাকৰ ভিতৰত পানী টানি লৈ সেই পানী উলিয়াই দিব লাগে। ইয়াৰ পিছত তিনিবাৰ মুখমণ্ডল ধুব লাগে, তাৰ পিছত কিলাকুটিলৈকে তিনিবাৰ হাত ধুব লাগে। তাৰ পিছত সম্পূৰ্ণ মূৰ এবাৰ মছেহ কৰিব লাগে। অৱশেষত দুয়ো ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুব লাগে।