- টোপনিৰ পৰা উঠা প্ৰতিজন ব্যক্তিয়ে এইদৰে ইস্তিনছাৰ কৰি চয়তানৰ প্ৰভাৱ দূৰ কৰিব লাগে। আনহাতে যদি অজু কৰে তেন্তে ইস্তিনছাৰ কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
- ইস্তিনছাৰ হৈছে ইস্তিনশ্বাকৰ পূৰ্ণাংগ ৰূপ। ইস্তিনশ্বাক কোৱা হয় নাকৰ ভিতৰি ভাগ পৰিষ্কাৰ কৰা। পক্ষান্তৰে ইস্তিনছাৰ হৈছে পানীৰ সৈতে নাকৰ ময়লা উলিয়াই অনা।
- হাদীছটোৰ "يَبيت" শব্দৰ দ্বাৰা প্ৰমাণিত হয় যে, এইটো কেৱল ৰাতিৰ টোপনিৰ ক্ষেত্ৰতহে নিৰ্দিষ্ট। কাৰণ ৰাতিৰ টোপনিৰ ক্ষেত্ৰতহে এই শব্দটো ব্যৱহাৰ হয়। কাৰণ ৰাতিৰ টোপনি দীৰ্ঘ হয় আৰু গভীৰ হয়।
- হাদীছটোৰ দ্বাৰা প্ৰমাণিত হয় যে, চয়তান মানুহৰ লগতে থাকে, তথাপিও মানুহে সেয়া উপলব্ধি কৰিব নোৱাৰে।