- অজুৰ নিয়ম-নীতি আৰু ইয়াৰ ছুন্নতসমূহ শিকিবলৈ তথা সেইমতে আমল কৰিবলৈ হাদীছটোত উৎসাহিত কৰা হৈছে।
- হাদীছটোত অজুৰ ফজিলত বৰ্ণিত হৈছে যে, ইয়াৰ দ্বাৰা চাগীৰাহ তথা সৰু গুনাহসমূহ মাফ হৈ যায়। আনহাতে কাবীৰাহ গুনাহৰ বাবে তাওবা অনিবাৰ্য।
- গুনাহ তেতিয়াহে সৰি পৰিব যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া নিয়ম অনুসাৰে পৰিপূৰ্ণৰূপে অজু কৰা হ'ব।
- এই হাদীছটোত গুনাহ ক্ষমা হোৱা সম্পৰ্কে যিটো কথা কোৱা হৈছে সেইটো কাবীৰাহ গুনাহ পৰিহাৰ কৰা আৰু তাৰ পৰা তওবা কৰাৰ সৈতে জড়িত। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ তোমালোকক যি নিষেধ কৰা হৈছে তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম। (ছুৰা নিছাঃ ৩১)