- আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই এই কথাৰ সাক্ষ্য দিয়াৰ অর্থ হৈছে একমাত্ৰ আল্লাহৰেই ইবাদত কৰিব লাগে আৰু তেওঁৰ বাহিৰে অন্যান্য যিবোৰক উপাসনা কৰা হয় সেই সকলোবোৰক প্ৰত্যাখ্যান কৰিব লাগে।
- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, এই কথাৰ সাক্ষ্য দিয়াৰ অৰ্থ হৈছে তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁ যি লৈ প্ৰেৰিত হৈছে তাৰ প্ৰতি ঈমান পোষণ কৰা আৰু সমৰ্থন কৰা। লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ হৈছে মানৱ জাতিৰ প্ৰতি প্ৰেৰিত সৰ্বশেষ ৰাছুল।
- কোনো আলিমক সম্বোধন কৰা আৰু কোনো মূৰ্খ ব্যক্তিক সম্বোধন কৰাৰ মাজত আছে বহুত তফাৎ। সেয়ে তেখেতে মুআজক এই বুলি সতৰ্ক কৰিছে যে, তুমি যি ঠাইলৈ গৈ আছা তাৰ অধিবাসীসকল হৈছে আহলে কিতাব। (সেয়ে সিহঁতক সেইমতেই সম্বোধন কৰিবা)
- প্ৰতিজন মুছলিমকে দ্বীন সম্পৰ্কে জ্ঞান অৰ্জন কৰিবলৈ গুৰুত্বাৰোপ কৰা হৈছে, যাতে সংশয়বাদীসকলৰ সংশয়ৰ পৰা ৰক্ষা পাব পাৰে। এইটো সম্ভৱ কেৱল জ্ঞান অৰ্জনৰ মাধ্যমতহে।
- ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পিছত ইয়াহুদী আৰু খৃষ্টানসকলৰ ধৰ্ম ৰহিত হৈছে। সিহঁতে ইছলামত প্ৰৱেশ নকৰাকৈ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰাকৈ কিয়ামতৰ দিনা নাজাত পাব নোৱাৰে।