- তাওবাৰ দুৱাৰ খোলা থকা পৰ্যন্ত তাওবা গ্ৰহণৰ ধাৰাবাহিকতা অব্যাহত থাকিব। সূৰ্য্য পশ্চিমফালৰ পৰা উদয় হোৱাৰ লগে লগে এই দুৱাৰ বন্ধ হ'ব। এইদৰে মুমূৰ্ষ অৱস্থাৰ আগমুহূৰ্ত পৰ্যন্ত বান্দাৰ তাওবা গ্ৰহণ কৰা হয়। অৰ্থাৎ প্ৰাণ কণ্ঠাগত হোৱাৰ আগমুহূৰ্ত পৰ্যন্ত।
- গুনাহৰ কাৰণে হতাশ তথা নিৰাশ হ'বলৈ নিষেধ কৰা হৈছে। কাৰণ আল্লাহৰ মাৰ্জনা তথা দয়া আৰু কৰুণা অতি প্ৰশস্ত, আৰু তাওবাৰ দুৱাৰো উন্মুক্ত।
- তাওবাৰ চৰ্তসমূহঃ প্ৰথমঃ গুনাহ পৰিত্যাগ কৰাৰ সংকল্প কৰা। দ্বিতীয়ঃ হৈ যোৱা গুনাহৰ বাবে অনুতপ্ত হোৱা। তৃতীয়ঃ এই সংকল্প কৰা যে, মই দুনাই আৰু এই গুনাহত লিপ্ত নহওঁ। এই তিনিটা চৰ্ত হৈছে আল্লাহৰ অধিকাৰৰ সৈতে সম্পৃক্ত গুনাহৰ তাওবাৰ ক্ষেত্ৰত। আনহাতে গুনাহটো যদি বান্দাৰ অধিকাৰৰ সৈতে সম্পৃক্ত হয়। তেন্তে যেতিয়ালৈকে বান্দাৰ অধিকাৰ বান্দাক ঘূৰাই দিয়া নহ'ব অথবা অধিকাৰী ব্যক্তিয়ে অধিকাৰ খৰ্বকাৰী ব্যক্তিক ক্ষমা নকৰিব তেতিয়ালৈকে তাৰ তাওবা কবুল নহ'ব।