- বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ এইটো অসীম ৰহমত যে, মানুহে যিমানেই গুনাহ নকৰক কিয়, যদি সি আন্তৰিকতাৰে তাওবা কৰে আৰু আল্লাহৰ ফালে উভতি আহে, তেন্তে আল্লাহেও তাক ক্ষমা কৰি দিয়ে।
- মুমিন বান্দাই সদায় আল্লাহৰ ক্ষমাৰ অনুসন্ধানত থাকে আৰু তেওঁৰ শাস্তিক ভয় কৰে, ফলত মুমিন ব্যক্তিয়ে তাওবা কৰাৰ ক্ষেত্ৰত পলম নকৰে আৰু গুনাহৰ ওপৰতো অটল নাথাকে।
- সঠিক তাওবাৰ চৰ্তসমূহঃ গুনাহ পৰিত্যাগ কৰা, অনুতপ্ত হোৱা, আৰু পুনৰ গুনাহত লিপ্ত নোহোৱাৰ সংকল্প লোৱা। কিন্তু যদি গুনাহটো কোনো বান্দাৰ প্ৰতি অন্যায়-অত্যাচাৰ কৰা সম্পৰ্কীয় হয় যেনে- কাৰোবাৰ ধন-সম্পদ আত্মসাৎ কৰা, অথবা কাৰোবাৰ সন্মান হানি কৰা আৰু কাৰোবাক ক্ষতি কৰা তেন্তে চতুৰ্থ চৰ্ত হৈছেঃ যাৰ অধিকাৰ খৰ্ব কৰা হৈছে তাক তাৰ সেই অধিকাৰ ঘূৰাই দিয়া নাইবা মীমাংসা কৰা।
- আল্লাহ সম্পৰ্কে জ্ঞান অৰ্জন কৰাৰ গুৰুত্ব, যাৰ ফলত বান্দা দ্বীনি বিষয় সম্পৰ্কে জ্ঞাত হয়। ফলত বান্দাই যেতিয়াই গুনাহ কৰে তেতিয়াই তাওবা কৰে। ফলত সি নিৰাশ নহয় আৰু গুনাহৰ ওপৰত অটলো নাথাকে।