- ইছলামৰ গুৰুত্ব আৰু মহত্ত্ব, কাৰণ ইছলাম গ্ৰহণ কৰিলে পূৰ্বৰ সকলো গুনাহ মাফ হৈ যায়।
- বান্দাসকলৰ প্ৰতি আল্লাহৰ ৰহমত, মাগফিৰাত, ক্ষমা তথা মাৰ্জনাৰ পৰিমাণ অসীম।
- শ্বিৰ্ক হাৰাম, অন্যায়ভাৱে কাৰোবাক হত্যা কৰাও হাৰাম, যিনা বা ব্যভিচাৰ হাৰাম, আৰু এনেকুৱা গুনাহকাৰী ব্যক্তিক কঠোৰ সতৰ্কবাণী দিয়া হৈছে।
- ইখলাচৰ সৈতে কৰা নিৰ্ভেজাল তাওবা আৰু নেক আমলৰ ফলত, সকলো প্ৰকাৰ কাবীৰাহ গুনাহ মাফ হৈ যায়, আল্লাহৰ সৈতে কৰা কুফৰীও ইয়াৰ দ্বাৰা মাফ হয়।
- আল্লাহৰ ৰহমতৰ পৰা হতাশ হোৱা তথা নিৰাশ হোৱা হাৰাম।