- বিবেকৱান ব্যক্তিয়ে তাওবা কৰাত তৎপৰতা দেখুৱা উচিত। কাৰণ যদি অন্যায়-অত্যাচাৰত লিপ্ত থাকে তেন্তে সি আল্লাহৰ কৌশলৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে।
- সৰ্বশক্তিমান আল্লাহে যালিমসকলক অৱকাশ দিয়ে আৰু সিহঁতক শাস্তি প্ৰদানত খৰখেদা নকৰে। এই কাৰণে যে, যদি সিহঁতে তাওবা নকৰে তেন্তে যাতে সিহঁতৰ শাস্তি বৃদ্ধি হয়।
- অন্যায়-অত্যাচাৰ হৈছে উম্মতৰ ওপৰত আল্লাহৰ শাস্তি অহাৰ অন্যতম এটা কাৰণ।
- যেতিয়া আল্লাহে কোনো জনবসতি ধ্বংস কৰে, তেতিয়া তাৰ মাজত পূণ্যৱান লোকো থাকিব পাৰে। কিয়ামতৰ দিনা তেওঁলোকে সেই অনুপাতেই প্ৰতিদান লাভ কৰিব যি অনুপাতে তেওঁলোকে সংশোধনৰ কাম কৰিছিল। শাস্তিৰ অন্তৰ্ভুক্ত হোৱাত তেওঁলোকৰ কোনো ক্ষতি নহ'ব।