- গুনাহৰ কৰ্মত পতিত হোৱাৰ অন্যতম এটা কাৰণ হৈছে এই যে, চয়তানে মানুহক বেয়া তথা অসৎকৰ্মবোৰ সু-সজ্জিত কৰি দেখুৱায়, যাৰ ফলত নফছে ইয়াক ভাল বুলি দেখি সেইপিনে ধাৱিত হয়।
- হাৰাম চাহিদাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, কাৰণ সেইটো হৈছে জাহান্নামত যোৱাৰ পথ। আনহাতে দুখ-কষ্ট আৰু বিপদত ধৈৰ্য্য ধাৰণ কৰিব লাগে, কাৰণ এইটো হৈছে জান্নাতত যোৱাৰ পথ।
- ইবাদতৰ ক্ষেত্ৰত নফছৰ সৈতে সংগ্ৰাম কৰাৰ ফজিলত, লগতে দুখ-কষ্ট আৰু নেক কামক আগুৰি ৰখা কঠিন সমস্যাসমূহত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।