- ইছলামত প্ৰৱেশ কৰাৰ প্ৰথম চৰ্ত হৈছে, মৌখিকভাৱে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিয়া আৰু আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰা।
- লা ইলাহা ইল্লাল্লাহৰ মূল অৰ্থ হৈছে, আল্লাহৰ বাহিৰে সকলো বস্তুৰ উপাসনাক অস্বীকাৰ কৰা, মূৰ্তি প্ৰতিমা, কবৰ আদি যিয়েই নহওক কিয়, লগতে এককভাৱে আল্লাহৰ ইবাদত কৰা।
- যিয়ে তাওহীদ স্বীকাৰ কৰিব আৰু প্ৰকাশ্যভাৱে ইছলামী চৰীয়তৰ বিধান পালন কৰিব, তাৰ পৰা হাত উঠাই লোৱা ওৱাজিব, কিন্তু সেই ব্যক্তিৰ দ্বাৰা যদি কোনো চৰীয়ত বিৰোধী কাম হয় তেন্তে সেইটো সুকীয়া বিষয়।
- মুছলিমৰ ধন-সম্পদ, মান-সন্মান আৰু ৰক্তৰ সুৰক্ষা প্ৰদান কৰা হৈছে। কিন্তু অপৰাধৰ শাস্তিৰ বিষয়টো সুকীয়া।
- পৃথিৱীত প্ৰকাশ্য আমলক ভিত্তি কৰি ফয়চালা লোৱা হ'ব, আনহাতে আখিৰাতত নিয়্যত আৰু উদ্দেশ্যক আগত ৰাখি ফয়চালা কৰা হ'ব।