মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
中文 - صيني
Bahasa Indonesia - إندونيسي
پښتو - بشتو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
suomi - فنلندي
Norwegian - نرويجي
ქართული - جورجي
ދިވެހި - ديفهي
Türkmençe - تركماني
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
মূল পৃষ্ঠা
আমি কোন
Contact Us
/
তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়...
তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়...
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিতঃ তেওঁ কৈছে আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছ বৰ্ণনা কৰিছে— যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিন আৰু চল্লিশ ৰাতিলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন জমাট বন্ধা ৰক্তপিণ্ড হিচাপে থাকে, তাৰ পিছৰ চল্লিশ দিন মাংসপিণ্ড ৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰা হয়। সেই ফিৰিস্তাক চাৰিটা কথা লিখিবলৈ নিৰ্দেশ দিয়া হয়। ফলত তেওঁ তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সি সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেইটো লিখি দিয়ে। ইয়াৰ পিছত তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায়। এতেকে তোমালোকৰ মাজৰ কোনোবাই জান্নাতবাসীৰ দৰে কাম কৰে - আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। এইদৰে তোমালোকৰ মাজৰ কোনোবাই জাহান্নামীসকলৰ দৰে কাম কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ব্যাখ্যা
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক হাদীছ বৰ্ণনা কৰিছে, তেখেত হৈছে সত্যবাদী, লগতে তেখেত সত্যবাদী হিচাপে স্বীকৃত, সত্যবাদী হিচাপে আল্লাহে তেখেতক স্বীকৃতি দিছে। তেখেতে কৈছেঃ তোমালোকৰ সৃষ্টিৰ প্ৰথম অৱস্থা একত্ৰিত ৰূপত থাকে। অৰ্থাৎ পুৰুষ এজনে যেতিয়া স্ত্ৰীৰ সৈতে সহবাসত মিলিত হয়, তেতিয়া সেই বিক্ষিপ্ত বীৰ্য নাৰীৰ ৰেহেমত নুতফা আকাৰত ৰখা হয়। ইয়াৰ পিছত দ্বিতীয় চল্লিশ দিনলৈকে জমাট বন্ধা তেজ বা ৰক্তপিণ্ড হিচাপে থাকে। ইয়াৰ পিছত তৃতীয় চল্লিশ দিনলৈকে মুজগাহ হিচাপে বা মাংসপিণ্ড হিচাপে থাকে। এই তৃতীয় চল্লিশ দিন পাৰ হোৱাৰ পিছত আল্লাহে তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰে, তেওঁ তাৰ মাজত ৰূহ ফুঁ মাৰি দিয়ে বা প্ৰাণ সঞ্চাৰ কৰে। আৰু সেই ফিৰিস্তাজনক চাৰিটা বিষয় লিখিবলৈ নিৰ্দেশ দিয়া হয়, সেয়া হৈছেঃ তাৰ জীৱিকা, অৰ্থাৎ সি জীৱনত কিমান নিয়ামত অৰ্জন কৰিব তথা কিমান পৰিমাণ উপাৰ্জন কৰিব সেয়া লিখি দিয়ে। এইদৰে তাৰ বয়স লিখি দিয়া হয়, অৰ্থাৎ পৃথিৱীত কিমান দিনলৈ জীৱিত থাকিব সেয়া লিখি দিয়া হয়। এইদৰে সি কি কৰ্ম কৰিব সেইটোও লিখি দিয়ে। লগতে সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেই কথাও লিপিবদ্ধ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, কোনোবাই জান্নাতীসকলৰ দৰে আমল কৰে অৰ্থাৎ নেক আমল কৰে আৰু মানুহৰ দৃষ্টিত তেওঁ এজন পূণ্যৱান মানুহ হিচাপে পৰিগণিত হয়। আনকি সি ধাৰাবাহিকভাৱে এনেকৈ নেক আমল কৰি থাকে, অৱশেষত তাৰ আৰু জান্নাতৰ মাজত যেতিয়া এক হাত পৰিমাণ ব্যৱধান থাকে, তেতিয়া তাৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তাৰ ভাগ্যত লিখা হৈছে, ফলত তেতিয়া সি জাহান্নামীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু সেই কৰ্মৰ ওপৰতেই তাক মোহৰ মাৰি দিয়া হয়, সেয়ে সি জাহান্নামত প্ৰৱেশ কৰে। কাৰণ আমল কবূল হোৱাৰ চৰ্ত হৈছে, সেই পথত অবিচল থকা আৰু গতিপথ পৰিবৰ্তন নকৰা। আন এক প্ৰকাৰ ব্যক্তি হৈছে যিয়ে জাহান্নামীসকলৰ দৰে আমল কৰে, অৱশেষত তেওঁ জাহান্নামত প্ৰৱেশ কৰাৰ উপক্ৰম হয় অৰ্থাৎ তেওঁৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে। তেতিয়া তেওঁৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তেওঁৰ ভাগ্যত লিখা হৈছিল। ফলত তেওঁ জান্নাতীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু অৱশেষত জান্নাতত প্ৰৱেশ কৰে।
Hadeeth benefits
কৰ্মৰ শেষ পৰিণতি সেইফালেই গতি কৰে যিটো পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছে তথা তাক্বদীৰত লিপিবদ্ধ হৈছে।
আমল দেখি প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ পৰা সতৰ্ক কৰা হৈছে, কাৰণ (জীৱনৰ) সৰ্বশেষ আমলেই হৈছে আচল আমল।
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share