- চৰমপন্থা তথা কঠোৰতা সকলো ক্ষেত্ৰতে হাৰাম, চৰীয়তে ইয়াৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে। বিশেষকৈ ইবাদত আৰু পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত।
- পৰিপূৰ্ণৰূপে ইবাদত পালন কৰাটো হৈছে প্ৰশংসনীয় বিষয়, কিন্তু এইটোও হ'ব লাগিব চৰীয়ত অনুসৰি।
- গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে তাগিদ কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উক্ত কথাষাৰ তিনিবাৰ কৈছিল।
- ইছলামৰ মহানুভৱতা আৰু ইয়াৰ সৰলতা।