- হাদীছটোত এই সংবাদ দিয়া হৈছে যে, ইছলাম চৌদিশে প্ৰচাৰ হোৱাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব।
- হাদীছটোত নবুওৱতৰ এটা আলামত নিহিত হৈ আছে। কাৰণ ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ পিছত ভৱিষ্যতে হ'বলগীয়া এটা বিষয় সম্পৰ্কে সংবাদ দিছে, আৰু সেইটো পৰবৰ্তী সময়ত সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে জনাইছে।
- হাদীছটোত ইছলামৰ খাতিৰত নিজৰ বংশ পৰিয়াল আৰু দেশ ত্যাগ কৰি হিজৰত কৰাৰ ফজীলত বৰ্ণিত হৈছে। লগতে তাৰ বাবে আছে জান্নাতৰ প্ৰতিশ্ৰুতি।
- গুৰাবা কোৱা হয় সেইসকল লোকক, যিসকলে সেই সময়ত সৎপথত অটল থাকে, যেতিয়া মানুহে বিভ্ৰান্তিৰ পথত দলে বলে পতিত হয়। লগতে মানুহে সৃষ্টি কৰা বিসংগতিবোৰক তেওঁলোকেই সংশোধন কৰে।