- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰোহণ কৰা বহনত মুআজক পিছফালে বহুৱাই লৈছিল, বিষয়টোৱে প্ৰমাণ কৰে যে তেখেতে অতি সহজ সৰল জীৱন-যাপন কৰিছিল।
- হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা শিক্ষা পদ্ধতি স্পষ্ট হৈছে, য'ত তেখেতে মুআজ ৰাদ্বিয়াল্লাহু আনহুক কেইবাবাৰো মাতিছে তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু ক'বলগীয়া কথাটোৰ গুৰুত্ব বুজাবলৈ।
- আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, এই কথাৰ সাক্ষ্য দিয়াৰ এটা অন্যতম চৰ্ত হৈছে সাক্ষ্যদানকাৰীয়ে পূৰ্ণ বিশ্বাসৰ সৈতে আন্তৰিকতাৰে সাক্ষ্য দিব লাগিব, য'ত মিছা কথা আৰু সন্দেহৰ কোনো অৱকাশ নাই।
- তাওহীদত বিশ্বাসীসকল কেতিয়াও জাহান্নামত চিৰস্থায়ী নহ’ব। যদিও তেওঁলোক নিজৰ গুনাহৰ ফলত জাহান্নামত প্রৱেশ কৰে। গুনাহ অনুপাতে শাস্তি হোৱাৰ পিছত তেওঁলোকক জাহান্নামৰ পৰা উলিয়াই অনা হ’ব।
- হাদীছটোত আন্তৰিকতাৰে সাক্ষ্য দিয়া ব্যক্তিৰ ফজীলত বৰ্ণিত হৈছে।
- পৰিস্থিতি আৰু পৰিৱেশ অনুসাৰে কিছুমান হাদীছ বৰ্ণনা নকৰাটো বৈধ, যদি সেইটো বৰ্ণনা কৰিলে ক্ষতি হোৱাৰ আশংকা থাকে।