- হাদীছটোত বান্দাৰ ওপৰত থকা আল্লাহৰ অত্যাৱশ্যকীয় হক সম্পৰ্কে বৰ্ণনা কৰা হৈছে, সেয়া হৈছে, সিহঁতে যেন তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে।
- হাদীছটোত আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কেও বৰ্ণনা কৰা হৈছে, যিটোক আল্লাহে তেওঁৰ নিয়ামত আৰু অনুগ্ৰহত নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে যে, তেওঁ সিহঁতক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতক শাস্তি প্ৰদান নকৰিব।
- হাদীছটোত সেইসকল তাওহীদপন্থী লোকক ডাঙৰ সুসংবাদ দিয়া হৈছে, যিসকলে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে, তেওঁলোকৰ ঠিকনা হ'ব জান্নাত।
- মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এই হাদীছটো তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত বৰ্ণনা কৰিছে, এই আশংকা কৰি যে, ইল্ম গোপন কৰাৰ গুনাহত যাতে তেওঁ নপৰে।
- হাদীছটোৰ দ্বাৰা এইটো সতৰ্ক কৰা হৈছে যে, কিছুমান হাদীছ সাধাৰণ লোকক বৰ্ণনা কৰা উচিত নহয়, এই আশংকাত যে হয়তো সিহঁতে ইয়াৰ সঠিক অৰ্থ আহৰণ কৰিব নোৱাৰিব। কাৰণ এনেকুৱা বিষয়ৰ অধীনত কোনো আমল নাই আৰু চৰীয়তৰ ফালৰ পৰাও কোনো সীমাৰেখা নিৰ্ধাৰণ কৰা হোৱা নাই।
- তাওহীদপন্থী লোকসকলৰ মাজৰ যিসকলে গুনাহ কৰিছে সিহঁতৰ বিষয়টো আল্লাহৰ ইচ্ছাৰ অধীনস্থ, তেওঁ ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমাও কৰিব পাৰে। তাৰ পিছত সিহঁতৰ শেষ ঠিকনা হ'ব জান্নাত।