- ঘৰত প্ৰৱেশ কৰাৰ সময়ত আৰু পানাহাৰ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা মুস্তাহাব। কাৰণ যদি আল্লাহৰ নাম লোৱা নহয় তেন্তে চয়তানে সেই ঘৰত ৰাতি অতিবাহিত কৰে আৰু পানাহাৰো কৰে।
- চয়তানে সদায় আদম সন্তানৰ আমলৰ প্ৰতি খাপ পাতি ৰৈ থাকে। আনকি সকলো কামতে চকু ৰাখে, যেতিয়াই বান্দা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হয় তেতিয়াই সেই কামত চয়তানে হস্তক্ষেপ কৰে।
- জিকৰ-আজকাৰে চয়তানক বিতাৰিত কৰে।
- প্ৰতিটো চয়তানৰে অনুসাৰী আছে তথা সহযোগী আছে, যিসকলে তাৰ কথামতে চলে আৰু তাৰ নিৰ্দেশনা পালন কৰে।