- আশ্ৰয় প্ৰাৰ্থনা কৰাটোও হৈছে এটা ইবাদত। কিন্তু এই আশ্ৰয় প্ৰাৰ্থনা একমাত্ৰ আল্লাহৰ ওচৰত কৰিব লাগিব, আৰু তেওঁৰ নাম আৰু গুণাৱলীৰ দ্বাৰা কৰিব লাগিব।
- আল্লাহৰ বাণীৰ সহায়ত আশ্ৰয় প্ৰাৰ্থনা কৰিব পাৰি। কাৰণ এইটোও আল্লাহৰেই এটা চিফাত বা গুণ। আনহাতে তেওঁৰ বাহিৰে আন কোনো মখলুকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাটো হৈছে শ্বিৰ্ক।
- হাদীছটোত এই দুআৰ ফজিলত আৰু বৰকত বৰ্ণিত হৈছে।
- জিকৰ-আজকাৰ বা দুআ পাঠ কৰাটো হৈছে অনিষ্টৰ পৰা সুৰক্ষিত থকাৰ অন্যতম এটা উপায়।
- হাদীছটোৰ দ্বাৰা আল্লাহৰ বাহিৰে আনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা বিষয়টোক খণ্ডন কৰা হৈছে, যেনে- জিন, যাদুকৰ আৰু অন্যান্য পাপিষ্ঠ লোকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।
- ভ্ৰমণতে হওক বা আন কোনো নতুন ঠাইতে হওক অৱস্থান কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত।