- আল্লাহৰ ওৱাস্তে কাৰোবাক ভাল পালে সেইটো তাক জনাই দিয়া মুস্তাহাব।
- ফৰজ হওক বা নফল, প্ৰত্যেক নামাজৰ পিছতে এই দুআ পাঠ কৰা মুস্তাহাব।
- এই সৰু দুআটোৰ ভিতৰত দুনিয়া আৰু আখিৰাতত পাবলগীয়া বহুতো প্ৰয়োজনীয় উদ্দেশ্যক সামৰি লৈছে।
- আল্লাহৰ ওৱাস্তে কৰা মুহাব্বতৰ অন্যতম এটা উপকাৰিতা হৈছে, ইজনে সিজনক সত্যৰ উপদেশ দিয়া, সৎ পৰামৰ্শ দিয়া, নেকী তথা তাক্বৱাৰ ক্ষেত্ৰত সহায় কৰা।
- ত্বীবী ৰাহিমাহুল্লাহে কৈছেঃ জিকৰ-আজকাৰ হৈছে অন্তৰ প্ৰশস্ত হোৱাৰ অন্যতম উপায়। তেওঁৰ চুকৰিয়া আদায় কৰাটো হৈছে, নিয়ামত লাভ কৰাৰ অন্যতম উপায়। এইদৰে সুন্দৰ ইবাদত কৰাটো হৈছে, সেইবোৰ বস্তুৰ পৰা আঁতৰি থকাৰ উপায়, যিবোৰে মানুহক আল্লাহৰ পৰা অমনোযোগী কৰি ৰাখে।