- ঈমানৰ এটা মিঠা সোৱাদ আছে, এই সোৱাদ কেৱল অন্তৰে অনুভৱ কৰে। যিদৰে খাদ্য আৰু পানীয়ৰ সোৱাদ জিভাৰে অনুভৱ কৰা হয়।
- শৰীৰ যেনেকৈ সুস্থ থাকিলে খাদ্য আৰু পানীয়ৰ সোৱাদ বুজি পায়, ঠিক সেইদৰে অন্তৰ যদি বিভ্ৰান্তকৰ প্ৰবৃত্তি আৰু হাৰাম কামনা-বাসনাৰ পৰা সুৰক্ষিত থাকে তেন্তে ঈমানৰ সোৱাদ অনুভৱ কৰে। যেতিয়া অন্তৰ এইবোৰ ব্যাধিৰ দ্বাৰা অসুস্থ হয় তেতিয়া ঈমানৰ সোৱাদ গম নাপায়। বৰং সেইবোৰ কামনা-বাসনা আৰু গুনাহক হালাল বুলি ভাবে যিবোৰ তাৰ ধ্বংস কাৰণ হ'ব।
- যদি কোনো ব্যক্তিয়ে কোনো বিষয়ত সন্তুষ্ট হয় আৰু ভাল অনুভৱ কৰে তেন্তে তেওঁৰ বাবে সেই কামটো সহজ হৈ যায়, আৰু তেওঁৰ বাবে একো কঠিন নহয়, আৰু তেওঁ কৰা কমত সুখ অনুভৱ কৰে, আন্তৰিকভাৱে শান্তি লাভ কৰে। ঠিক সেইদৰে মুমিনৰ অন্তৰত যেতিয়া ঈমান প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ বাবে আনুগত্যমূলক কাম সহজ হৈ যায়, আৰু অন্তৰে সোৱাদ অনুভৱ কৰে, লগতে এই পথত হোৱা কষ্ট কঠিন অনুভৱ নহয়।
- ইবনুল কায়্যিমে কৈছেঃ এই হাদীছত মহান আল্লাহৰ ৰুবুবিয়্যত আৰু উলুহিয়্যতৰ প্ৰতি সন্তুষ্টি অন্তৰ্ভুক্ত আছে, লগতে তেওঁৰ ৰাছুলৰ প্ৰতি সন্তুষ্টি আৰু তেওঁৰ আনুগত্যকো সামৰি লোৱা হৈছে, এইদৰে দ্বীনৰ প্ৰতি আত্মসমৰ্পন কৰাও ইয়াৰ অন্তৰ্ভুক্ত।