- দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত উপকাৰী বিষয়বোৰ মানুহে নিজৰ পৰিয়ালবৰ্গকো শিকাব লাগে। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক শিকাইছিল।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত দুআবোৰ মুছলিমসকলে মুখস্থ কৰি ৰখা উচিত। কাৰণ সেইবোৰ হৈছে গভীৰ অৰ্থপূৰ্ণ।
- এই হাদীছটোৰ বিষয়ে উলামাসকলে কৈছেঃ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আৰু কল্যাণ প্ৰাৰ্থনাৰ ক্ষেত্ৰত এইটো হৈছে এটা জামে হাদীছ। এইটো হৈছে সেইবোৰ বাক্যৰ অন্তৰ্ভুক্ত, যিবোৰক জাৱামেউল কালিম (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা বাক্য) বুলি কোৱা হৈছে, যিটো বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা হৈছিল।
- আল্লাহৰ ৰহমতৰ পিছত, সৎকৰ্ম আৰু সৎ কথা হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম উপায়।