- ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি এইবোৰ দুআ নিয়মিত পাঠ কৰিব লাগে।
- মানুহক যিদৰে আল্লাহৰ ওচৰত দ্বীনি ক্ষেত্ৰত নিৰাপত্তা বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, ঠিক সেইদৰে দুনিয়াৱী ক্ষেত্ৰতো সুৰক্ষা বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ সচৰাচৰ ছয়টা দিশৰ পৰাই বিপদ আহে, কিন্তু ইয়াত তল দিশক পৃথকভাৱে উল্লেখ কৰি দুআ কৰা হৈছে, কাৰণ তলৰ পৰা অহা বিপদ আটাইতকৈ সাংঘাতিক।
- পুৱাৰ ভাগত জিকৰ-আজকাৰ পাঠ কৰা উত্তম। ফজৰৰ পৰা সূৰ্যোদয় হোৱাৰ আগমূহুৰ্তলৈকে তথা দিনৰ প্ৰথম ভাগত। এইদৰে আচৰৰ পিছৰ পৰা সূৰ্য্য অস্ত যোৱাৰ আগমূহুৰ্তলৈকে। কিন্তু যদি কোনোবাই ইয়াৰ পিছত পঢ়ে, অৰ্থাৎ পুৱাৰ ভাগত সূৰ্য্য উদয় হোৱাৰ পিছত পঢ়ে, অথবা জোহৰৰ পিছত পঢ়ে, নাইবা মাগৰিবৰ পিছত পঢ়ে তথাপিও কোনো অসুবিধা নাই। এইবোৰ সময়তো পঢ়িব পাৰি।
- যিটো দুআ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় আছে, সেইটো সেই সময়তে পঢ়িব লাগিব, যেনে- ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত পঢ়িব লাগে বুলি নিৰ্দিষ্ট আছে, গতিকে এয়া ৰাতিতে পঢ়িব লাগিব, সূৰ্য্য অস্ত যোৱাৰ পিছত।