- ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী আছিল। লগতে তেখেতে উম্মতক এনেকৈ দুআ কৰিবলৈ নিৰ্দেশনা দিছে।
- দ্বীনৰ ওপৰত অটল তথা প্ৰতিষ্ঠিত থকাৰ গুৰুত্ব, শেষ পৰিণাম হৈছে মূল বিষয়।
- আল্লাহে প্ৰতিষ্ঠিত নকৰাকৈ বান্দাই এক পলৰ কাৰণেও ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অৱলম্বন কৰি এই দুআটো বেছি বেছি পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।
- ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থকাটো হৈছে এটা ডাঙৰ নিয়ামত, যাৰ বাবে বান্দাই সদায় প্ৰচেষ্টা কৰা উচিত আৰু মহান আল্লাহৰ চুকৰিয়া আদায় কৰা উচিত।